- ছাত্ৰীসকল, ১ বজাৰ লগে লগে প্ৰশ্নকাকত Group ত দিয়া হ'ব । কেৱল Answer হে লিখিবা । পৰাপক্ষত চমু উত্তৰ দিবলৈ চেষ্টা কৰিবা । ২.৩০ বজাৰ লগে লগে উত্তৰসমূহ মোৰ Whatsapp no:- 7002630677 ত পঠিয়াবা । ২.৪০ ৰ পাছত Answer বহী গ্ৰহণ কৰা নহ'ব ।
প্ৰাকৃতিক ভূগোল (part-4)
প্ৰাকৃতিক ভূগোল (Patr 4) ১/ ওলোমা উপত্যকা িক লিখা ? উত্তৰ:- ওলোমা উপত্যকা ( HANGING VALLEY) ওলোমা উপত্যকা হৈছে হিমবাহে সৃষ্টি কৰা ক্ষয়জনিত অৱয়ব । মূল নদীলৈ উপনদী বৈ অহাৰ নিচিনাকৈ মূল হিমবাহলৈ কিছুমান উপহিমবাহ বৈ আহে। মূল হিমবাহৰ উপত্যকা তুলনামূলকভাৱে বৃহৎ আৰু দ প্ৰকৃতিৰ হয় । সাধাৰণতে উপহিমবাহৰ উপত্যকা সৰু আৰু তৰাং হয় । উপহিমবাহবোৰ যি স্থানত মূল হিমবাহৰ লগ লাগে তাত স্বাভাৱিক কাৰণত উপহিমবাহৰ উপত্যকাটো মূল হিমবাৰ উপত্যকাৰ ওলমি থকাৰ নিচিনা দেখি । সেইবাবে উপহিমবাহৰ উপত্যকাটোক ওলোমা উপত্যকা বোলে । ২/ গ্ৰাব কি ? ই কেইপ্ৰকাৰৰ আৰু কি কি ? উত্তৰ:- গ্ৰাব (MORAINE) উপত্যকাৰে হিমবাহ নামি অহা সময়ত ই বৰফৰ বাহিৰে অন্য কিছুমান পদাৰ্থও কঢ়িয়াই লৈ আহে । সেইবোৰক গ্ৰাব বুলি কোৱা হয় । গ্ৰাবে ভূ-পৃষ্ঠত ব্যাপক পৰিৱৰ্তন সাধন কৰে । গ্ৰাব চাৰি প্ৰকাৰৰ । সেইকেইটা হ'ল :- ক/ পাৰ্শ্ব গ্ৰাব (LATERAL MORAINE) :- উপত্যকাৰ দাঁতিয়েদি উটি অহা গ্ৰাবক পাৰ্শ্ব গ্ৰাব বোলে । এই গ্ৰাব উপত্য...
Comments
Post a Comment