মহাদেশীয় বিস্থাপন বা সঞ্চাৰণ সূত্ৰ

         মহাদেশীয় বিস্থাপন বা সঞ্চাৰণ সূত্ৰ

মহাদেশীয় বিস্থাপন সূত্ৰ
মহাদেশীয় বিস্থাপন বা সঞ্চাৰণ সূত্ৰ (Continental Drift Theory) অনুসৰি আদিতে , অৰ্থাৎ আজিৰ পৰা প্ৰায় ৩০০ নিযুত বছৰ পূৰ্বে (পূৰাজীৱীয় কল্পৰ পাৰমিয়ান যুগত) পৃথিৱীখনৰ স্থলমণ্ডল একত্ৰিত হৈ আছিল আৰু ইয়াৰ চাৰিওফালে জলমণ্ডলে আগুৰি আছিল । পৃথিৱীৰ এই অৱস্থাত থকা স্থলমণ্ডলটোক পেঞ্জিয়া (Pangaea) আৰু পেঞ্জিয়াৰ চাৰিওফালে আগুৰি থকা জলমণ্ডলটোক পান্থালাছা (Panthalassa) বোলা হয় । কিছুকাল অতিক্ৰম কৰাৰ পিছত পেঞ্জিয়াৰ প্ৰায় সোঁমাজেৰে পূবা-পশ্চিমাকৈ ফাট মেলি এটা সংকীৰ্ণ আৰু দীঘল সাগৰৰ সৃষ্টি হৈছিল । ইয়াক টেথিছ সাগৰ (Tethys Sea) বোলা হয় । এই টেথিছ সাগৰৰ সৃষ্টিয়ে পেঞ্জিয়াটোক উত্তৰা-দক্ষিণাকৈ দুটা ভাগত বিভক্ত কৰিছিল । ইয়াৰ উত্তৰ অংশটোক আঙ্গাৰালেণ্ড (Angaraland) অথবা লৰেছিয়া (Laurasia) আৰু দক্ষিণ অংশটোক গণ্ডোৱানালেণ্ড (Gondowanaland) বোলা হয় ।
লৰেছিয়া আৰু গণ্ডোৱানালেণ্ড

 মধ্যজীৱীয় কল্পৰ সময়ত, অৰ্থৎ আজিৰ পৰা ২৫০ নিযুত বছৰ পূবে ভূত্বকৰ ফাটন ক্ৰিয়া আৰু মহাদেশীয় সঞ্চাৰণৰ ফলত লৰেছিয়া আৰু গণ্ডোৱানালেণ্ড পুণৰ বিভাজিত হৈ বিষুৱ আৰু পশ্চিম দিশত গতি কৰি বৰ্তমান অৱস্থাত থকা মহাদেশসমূহৰ সৃষ্টি হৈছিল । মহাদেশীয় সঞ্চাৰণ সূত্ৰ অনুসৰি লৰেছিয়া বিভাজিত হৈ উত্তৰ আমেৰিকা , গ্ৰীণলেণ্ড আৰু ভাৰত উপমহাদেশৰ উত্তৰে থকা ইউৰোপ আৰু এছিয়া মহাদেশৰ সৃষ্টি হৈছিল । আনহাতে গণ্ডোৱাণালেণ্ড বিভাজিত হৈ দক্ষিণ আমেৰিকা , আফ্ৰিকা , মাদাগাস্কাৰ, ভাৰতবৰ্ষ, আৰৱ অঞ্চল, মালয়েছিয়া আৰু অন্যান্য দ্বীপসমূহ, অষ্ট্ৰেলিয়া, এণ্টাৰ্কটিকা আদিৰ সৃষ্টি হৈছিল ।
    

Comments

Popular posts from this blog

প্ৰাকৃতিক ভূগোল (part-3)

প্ৰাকৃতিক ভূগোল (part-4)

প্ৰকৃতিক ভূগোল (part-1)