প্ৰাকৃতিক ভূগোল (part-3)
১/ বলিয়াৰি কেই প্ৰকাৰৰ আৰু কি কি ?
উত্তৰ:- মৰুভূমিত সাধাৰণতে তিনি প্ৰকাৰৰ বালিয়াৰি দেখিবলৈ পোৱা যায় । সেইকেইটা হল :-
ক/ অনুদৈৰ্ঘ্য বালিয়াৰি :-
|
|
| অনুদৈৰ্ঘ্য বালিয়াৰি (LONGITUDINAL SAND DUNE ) |
যিবোৰ বালিয়াৰি পথালিকৈ বতাহৰ দিশৰ লগত প্ৰায় লম্বভাৱে গঠিত হয় , তেনেধৰণৰ বালিয়াৰিক অনুপ্ৰস্থ বালিয়াৰি বোলে ।
মৰুভূমিৰ কোনো কোনো ঠাইত পৰিস্থিতি সাপেক্ষে অৰ্ধ চন্দ্ৰাকৃতিৰ বালিয়াৰিৰ সৃষ্টি হয় । এনেধৰণৰ বালিয়াৰিক বাৰখান বোলে ।
২/ সংনিঘৰ্ষণ কাক বোলে ?
উত্তৰ:- মৰুভূমিত বতাহৰ জৰিয়তে সৃষ্টি হোৱা এটা ঘৰ্ষণজনিত অৱয়ব হল সংনিঘৰ্ষণ । মৰুভূমিত কেতিয়াবা শক্তিশালী বতহে শিল-বলিবোৰ এঠাইৰ পৰা আন ঠাইলৈ উৰুৱাই নিওঁতে শিল-বালিবোৰৰ মাজত পাৰস্পৰিক ঘৰ্ষণৰ সৃষ্টি হয় । ইয়াৰ ফলস্বৰূপে শিল-বালিবোৰ ভাঙি সৰু সৰু টুকুৰাত পৰিণত হয় আৰু এনেদৰে পাৰস্পৰিক ঘৰ্ষণৰ ফলত শিল-বালিবোৰ টুকুৰা টুকুৰ হোৱা প্ৰক্ৰিয়াক সংনিঘৰ্ষণ বোলে ।
৩/ হিমবাহ কেইপ্ৰকাৰৰ আৰু কি কি ?
উত্তৰ:- হিমবাহ সাধাৰতে তিনি প্ৰকাৰৰ ।
সেইকেইটা হ'ল:-
ক/ মহাদেশীয় হিমবাহ :- মেৰু অঞ্চলৰ বৃহৎ
এলেকাজুৰি বিস্তৃত হিমবাহক মহাদেশীয় হিমবাহ বোলে।
মহাদেশীয় হিমবাহউত্তৰকানাডা,গ্ৰীণলেণ্ড,স্কান্দিনেভিয়া,
এণ্টাৰ্কটিকা আদিত দেখা পোৱা যায় ।
খ/ পাৰ্বত্য হিমবাহ :- পৰ্বতৰ উচ্চাংশত পোৱা হিমবাহক পাৰ্বত্য হিমবাহ বোলে। এই হিমবাহ উত্তৰ আমেৰিকাৰ ৰকি, ইউৰুপৰ আপ্লছ, এছিয়া মহাদেশৰ হিমালয় পৰ্বতমালাত পোৱা যায় ।
গ/ গিৰিপদ হিমবাহ :- যেতিয়া কেইবাটাও উপত্যকা হিমবাহ পাৰ্বত্য অঞ্চলৰ পৰা নামি আহি পৰ্বতৰ পাদদেশত মিলিত হৈ পৰ্বতৰ দাঁতিকাশৰীয়া নিম্নভূমিত বিয়পি পৰে । এনেধৰণৰ হিমবাহক গিৰিপদ হিমবাহ বোলে । এই হিমবাহ উত্তৰ আমেৰিকাৰ আলাস্কাত দেখা যায়।

So nice 🙂 👍
ReplyDelete