প্ৰকৃতিক ভূগোল (part-1)

               


১/ স্থলাকৃতি বুলিলে কি বুজা ?

উত্তৰ:- পৃথিৱীৰ উপৰিভাগ বিভিন্ন অৱয়ৱ যেনে পৰ্বত পাহাৰ,মালভূমি,সমতল,উপত্যকা,নদী,বালিৰ পাহাৰ,হিমবাহ,মহাসাগৰ আদিৰ দ্বাৰা গঠিত। এই অৱয়ৱবোৰকে একেলগে স্থলাকৃতি বোলে।

২/ ভূ-আকৃতিক বিজ্ঞানৰ সংজ্ঞা দিয়া ?

উত্তৰ:- ভূগোলৰ যিটো শাখাত স্থলাকৃতিবোৰৰ উৎপত্তি, ক্ৰমবিকাশ,আকাৰ-আকৃতি আৰু বিতৰণ সম্বন্ধে অধ্যয়ন কৰা হয়, সেই শাখাটোকে ভূ-আকৃতিক বিজ্ঞান বোলে।

৩/ অৱনমন বুলিলে কি বুজা ?

উত্তৰ:- বতাহে মৰুভূমিত তিনিটা কাৰ্য সম্পাদন কৰে। সেইকেইটা হ'ল খনন,পৰিৱহণ আৰু অৱক্ষেপণ। বতাহে মৰুভূমিৰ এঠাইৰপৰা ধূলি -বালি উৰুৱাই নি সেই ঠাইক আপেক্ষিকভাৱে দ কৰি তোলা প্ৰক্ৰিয়াটোকে অৱনমন বোলে।

৪/ মৰুদ্যান কি ?

মৰুদ্যান (OASIS)

উত্তৰ:- মৰুভূমিত অৱনমন প্ৰক্ৰিয়াৰ ফলত কোনো এটা অংশৰ উচ্চতা কমি ভূ-গৰ্ভস্থ জলপৃষ্ঠৰ ওচৰ পাব পাৰে। সেই অৱনমিত অংশটোৱেই হৈছে মৰুদ্যান।

৫/ বালিয়াৰি বা বালিৰ পাহাৰ কাক বোলে ?

বালিয়াৰি (SAND DUNE'S)

উত্তৰ:- মৰুভূমিত বতাহে কঢ়িয়াই নিয়া ধূলি-বালিবোৰ যি  ঠাইত জমা হয় ,সেই অংশটো ওখ হৈ  শেষত পাহাৰৰ ৰূপ লয় । বলিৰ দ্বাৰা গঠিত এনেধৰনৰ পাহাৰক বালিয়াৰি বা বালিৰ পাহাৰ বোলে।

Comments

Popular posts from this blog

প্ৰাকৃতিক ভূগোল (part-3)

প্ৰাকৃতিক ভূগোল (part-4)