প্ৰাকৃতিক ভূগোল (part-4)
প্ৰাকৃতিক ভূগোল (Patr 4)
১/ ওলোমা উপত্যকা িক লিখা ?
উত্তৰ:-
ওলোমা উপত্যকা হৈছে হিমবাহে সৃষ্টি কৰা ক্ষয়জনিত অৱয়ব । মূল নদীলৈ উপনদী বৈ অহাৰ নিচিনাকৈ মূল হিমবাহলৈ কিছুমান উপহিমবাহ বৈ আহে। মূল হিমবাহৰ উপত্যকা তুলনামূলকভাৱে বৃহৎ আৰু দ প্ৰকৃতিৰ হয় । সাধাৰণতে উপহিমবাহৰ উপত্যকা সৰু আৰু তৰাং হয় । উপহিমবাহবোৰ যি স্থানত মূল হিমবাহৰ লগ লাগে তাত স্বাভাৱিক কাৰণত উপহিমবাহৰ উপত্যকাটো মূল হিমবাৰ উপত্যকাৰ ওলমি থকাৰ নিচিনা দেখি । সেইবাবে উপহিমবাহৰ উপত্যকাটোক ওলোমা উপত্যকা বোলে ।
![]() |
| ওলোমা উপত্যকা ( HANGING VALLEY) |

২/ গ্ৰাব কি ? ই কেইপ্ৰকাৰৰ আৰু কি কি ?
উত্তৰ:-
উপত্যকাৰে হিমবাহ নামি অহা সময়ত ই বৰফৰ বাহিৰে অন্য কিছুমান পদাৰ্থও কঢ়িয়াই লৈ আহে । সেইবোৰক গ্ৰাব বুলি কোৱা হয় । গ্ৰাবে ভূ-পৃষ্ঠত ব্যাপক পৰিৱৰ্তন সাধন কৰে ।
![]() |
| গ্ৰাব (MORAINE) |
উপত্যকাৰে হিমবাহ নামি অহা সময়ত ই বৰফৰ বাহিৰে অন্য কিছুমান পদাৰ্থও কঢ়িয়াই লৈ আহে । সেইবোৰক গ্ৰাব বুলি কোৱা হয় । গ্ৰাবে ভূ-পৃষ্ঠত ব্যাপক পৰিৱৰ্তন সাধন কৰে ।
ক/ পাৰ্শ্ব গ্ৰাব (LATERAL MORAINE) :- উপত্যকাৰ দাঁতিয়েদি উটি অহা গ্ৰাবক পাৰ্শ্ব গ্ৰাব বোলে । এই গ্ৰাব উপত্যকাৰ দুয়োকাষে জমা হয় ।
খ/ ভূমি গ্ৰাব (GROUND MORAINE) :- উপত্যকাৰ তলিয়েদি বাগৰি অহা গ্ৰাববোৰক ভূমি গ্ৰাব বোলে ।
গ/ মধ্য গ্ৰাব (MEDIAL MORAINE) :- উপত্যকাৰ মাজভাগেৰে উটি অহা গ্ৰাবক মধ্য গ্ৰাব বোলে ।
ঘ/ প্ৰান্ত গ্ৰাব (TERMINAL MORAINE) :- হিমবাহ এটাৰ শেষ সীমাত জমা হোৱা গ্ৰাবক প্ৰান্ত গ্ৰাব বোলে ।

Comments
Post a Comment