প্ৰাকৃতিক ভূগোল (part-2)
১/ ইনছেলবাৰ্গ কি ?
উত্তৰ:-
মৰুভূমিৰ শক্তিশালী বতাহে কঢ়িয়াই নিয়া শিল-বালিয়ে গতিপথত থকা উচ্চভূমিত আঘাত কৰি সেইবোৰত অৱক্ষয় ঘটায়। অপঘৰ্ষণ প্ৰক্ৰিয়াৰ ফলত মৰুভূমিত ইনছেলবাৰ্গ নামৰ অৱক্ষয়জনিত অৱয়ৱৰ সৃষ্টি হয়। ইনছেলবাৰ্গ হ'ল মৰুভূমিত থকা অকলশৰীয়া চাপৰ পাহাৰ।
![]() |
| ইনছেলবাৰ্গ (INSELBERG) |
২/ ইয়াৰদাং কি ?
উত্তৰ:-
অপঘৰ্ষণ প্ৰক্ৰিয়াই মৰুভূমিত ইয়াৰদাঙৰ নিচিনা অৱক্ষয়জনিত অৱয়বৰ সৃষ্টি কৰে । ইয়াৰদাঙত দীঘলীয়া শিৰা আৰু অগভীৰ লোৰ বা গাঁতৰ উপস্থিতি পৰিলক্ষিত হয়। বতাহৰ ক্ৰিয়াৰ ফলত দুটা কঠিন শিলাস্তৰৰ মাজত থকা আপেক্ষিকভাৱে কোমল শিলাস্তৰত বেছিকৈ অৱক্ষয় ঘটে আৰু তাৰ ফলত ভূ-পৃষ্ঠ অতি ওখোৰা মোখোৰা হয় ।
৩/ হিমবাহ কাক বোলে ?
ভূ-পৃষ্ঠত জমা হৈ থকা বৰফস্তূপবোৰ মাটিৰ ঢাল অনুসৰি ক্ৰমে তললৈ ধীৰ গতিত নামি আহে । এই গতি দিনটোৰ ভিতৰত কেই মিলিমিটাৰমানৰ পৰা কেই মিটাৰমানহৰ ভিতৰত হয়। এনেদৰে ধীৰ গতিৰে নামি অহা বৰফক হিমবাহ বোলে ।



Comments
Post a Comment