Posts

Showing posts from March, 2020

প্ৰাকৃতিক ভূগোল (part-3)

Image
১/ বলিয়াৰি কেই প্ৰকাৰৰ আৰু কি কি ?  উত্তৰ:- মৰুভূমিত সাধাৰণতে তিনি প্ৰকাৰৰ বালিয়াৰি দেখিবলৈ পোৱা যায় । সেইকেইটা হল :- ক/ অনুদৈৰ্ঘ্য বালিয়াৰি :- অনুদৈৰ্ঘ্য বালিয়াৰি (LONGITUDINAL SAND DUNE ) যিবোৰ বালিয়াৰি বতাহৰ দিশত দীঘলীয়াকৈ গঠিত হয়,তেনে ধৰণৰ বালিয়াৰিক অনুদৈৰ্ঘ্য বালিয়াৰি বোলে। খ/ অনুপ্ৰস্থ বালিয়াৰি:- অনুপ্ৰস্থ বালিয়াৰি (TRANSVERSE SAND DUNE) যিবোৰ বালিয়াৰি পথালিকৈ বতাহৰ দিশৰ লগত প্ৰায় লম্বভাৱে গঠিত হয় , তেনেধৰণৰ বালিয়াৰিক অনুপ্ৰস্থ বালিয়াৰি বোলে । গ/ বাৰখান :-  বাৰখান ( BARCHAN) মৰুভূমিৰ কোনো কোনো ঠাইত পৰিস্থিতি সাপেক্ষে অৰ্ধ চন্দ্ৰাকৃতিৰ বালিয়াৰিৰ সৃষ্টি হয় । এনেধৰণৰ বালিয়াৰিক বাৰখান বোলে । ২/ সংনিঘৰ্ষণ কাক বোলে ? উত্তৰ:- মৰুভূমিত বতাহৰ জৰিয়তে সৃষ্টি হোৱা এটা ঘৰ্ষণজনিত অৱয়ব হল সংনিঘৰ্ষণ । মৰুভূমিত  কেতিয়াবা শক্তিশালী বতহে শিল-বলিবোৰ এঠাইৰ পৰা আন ঠাইলৈ উৰুৱাই নিওঁতে শিল-বালিবোৰৰ মাজত পাৰস্পৰিক ঘৰ্ষণৰ সৃষ্টি হয় । ইয়াৰ ফলস্বৰূপে শিল-বালিবোৰ ভাঙি সৰু সৰু টুকুৰাত পৰিণত হয় আৰু এনেদৰে  পাৰস্পৰিক ঘৰ্ষণৰ  ফলত শিল-বাল...

প্ৰাকৃতিক ভূগোল (part-2)

Image
১/ ইনছেলবাৰ্গ কি ? উত্তৰ:- ইনছেলবাৰ্গ (INSELBERG)  মৰুভূমিৰ শক্তিশালী বতাহে কঢ়িয়াই নিয়া শিল-বালিয়ে গতিপথত থকা উচ্চভূমিত আঘাত কৰি সেইবোৰত অৱক্ষয় ঘটায়। অপঘৰ্ষণ প্ৰক্ৰিয়াৰ ফলত মৰুভূমিত ইনছেলবাৰ্গ নামৰ অৱক্ষয়জনিত অৱয়ৱৰ সৃষ্টি হয়। ইনছেলবাৰ্গ হ'ল মৰুভূমিত থকা অকলশৰীয়া চাপৰ পাহাৰ। ২/ ইয়াৰদাং কি ? উত্তৰ:- ইয়াৰদাং(YARDANG) অপঘৰ্ষণ  প্ৰক্ৰিয়াই মৰুভূমিত ইয়াৰদাঙৰ  নিচিনা অৱক্ষয়জনিত অৱয়বৰ সৃষ্টি কৰে । ইয়াৰদাঙত দীঘলীয়া শিৰা আৰু অগভীৰ লোৰ বা গাঁতৰ উপস্থিতি পৰিলক্ষিত হয়। বতাহৰ ক্ৰিয়াৰ ফলত  দুটা কঠিন শিলাস্তৰৰ মাজত থকা আপেক্ষিকভাৱে কোমল শিলাস্তৰত বেছিকৈ অৱক্ষয় ঘটে আৰু তাৰ ফলত ভূ-পৃষ্ঠ অতি ওখোৰা মোখোৰা হয় । ৩/ হিমবাহ কাক বোলে ? উত্তৰ:- হিমবাহ( GLACIER) ভূ-পৃষ্ঠত জমা হৈ থকা বৰফস্তূপবোৰ মাটিৰ ঢাল অনুসৰি ক্ৰমে তললৈ ধীৰ গতিত নামি আহে । এই গতি দিনটোৰ ভিতৰত কেই মিলিমিটাৰমানৰ পৰা কেই মিটাৰমানহৰ ভিতৰত হয়। এনেদৰে ধীৰ গতিৰে নামি অহা বৰফক হিমবাহ বোলে ।

প্ৰকৃতিক ভূগোল (part-1)

Image
                ১/ স্থলাকৃতি বুলিলে কি বুজা ? উত্তৰ:- পৃথিৱীৰ উপৰিভাগ বিভিন্ন অৱয়ৱ যেনে পৰ্বত পাহাৰ,মালভূমি,সমতল,উপত্যকা,নদী,বালিৰ পাহাৰ,হিমবাহ,মহাসাগৰ আদিৰ দ্বাৰা গঠিত। এই অৱয়ৱবোৰকে একেলগে স্থলাকৃতি বোলে। ২/ ভূ-আকৃতিক বিজ্ঞানৰ সংজ্ঞা দিয়া ? উত্তৰ:- ভূগোলৰ যিটো শাখাত স্থলাকৃতিবোৰৰ উৎপত্তি, ক্ৰমবিকাশ,আকাৰ-আকৃতি আৰু বিতৰণ সম্বন্ধে অধ্যয়ন কৰা হয়, সেই শাখাটোকে ভূ-আকৃতিক বিজ্ঞান বোলে। ৩/ অৱনমন বুলিলে কি বুজা ? উত্তৰ:- বতাহে মৰুভূমিত তিনিটা কাৰ্য সম্পাদন কৰে। সেইকেইটা হ'ল খনন,পৰিৱহণ আৰু অৱক্ষেপণ। বতাহে মৰুভূমিৰ এঠাইৰপৰা ধূলি -বালি উৰুৱাই নি সেই ঠাইক আপেক্ষিকভাৱে দ কৰি তোলা প্ৰক্ৰিয়াটোকে অৱনমন বোলে। ৪/ মৰুদ্যান কি ? মৰুদ্যান (OASIS) উত্তৰ:- মৰুভূমিত অৱনমন প্ৰক্ৰিয়াৰ ফলত কোনো এটা অংশৰ উচ্চতা কমি ভূ-গৰ্ভস্থ জলপৃষ্ঠৰ ওচৰ পাব পাৰে। সেই অৱনমিত অংশটোৱেই হৈছে মৰুদ্যান। ৫/ বালিয়াৰি বা বালিৰ পাহাৰ কাক বোলে ? বালিয়াৰি (SAND DUNE'S) উত্তৰ:- মৰুভূমিত বতাহে কঢ়িয়াই নিয়া ধূলি-...